সমূহীয়া অস্ত্ৰ ত্যাগ এনডিএফবিৰ:'আজিৰে পৰা কোনেও যাতে বড়ো উগ্ৰপন্থী শব্দটো ব্যৱহাৰ নকৰে'-প্ৰমোদ বড়ো

Pic

কেন্দ্ৰীয় চৰকাৰৰে স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পিছতে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিলে এনডিএফবিৰ চাৰিটাকৈ সশস্ত্ৰ গোটে।গুৱাহাটী মেডিকেল কলেজ হাস্পতাল প্ৰেক্ষাগৃহত চাৰিওটা বড়ো সশস্ত্ৰ সংগঠনে পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সম্বৰণ কৰে অস্ত্ৰ।অসম আৰক্ষীৰ বিশেষ শাখাই অনুষ্ঠিত কৰা অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত উপস্থিত থাকে এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃত্ব ক্ৰমে ৰঞ্জন দৈমাৰী,বি ছাওড়াই গৌড়া,ধীৰেন বড়ো, গোবিন্দ বসুমতাৰী,বি ফেৰেংগা,বি বিদাই।চাৰিওটা গোটৰ ১৬শতকৈ অধিক কেডাৰে মূলসুঁতিলৈ ঘূৰি আহি মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ভাৰতীয় সেনাবাহিনীৰ বিষয়াৰ হাতত অৰ্পণ কৰে অস্ত্ৰ।

Pic

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অস্ত্ৰ সম্বৰণ কাৰ্যসূচী আয়োজন কৰিবলৈ পাই সুখী আৰু গৰ্বিত বুলি উল্লেখ কৰি কয়-'ভাৰতবর্ষৰ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসত আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ অধ্যায়।' ইফালে সংগঠনকেটাই জমা দিয়া সকলোবোৰ অস্ত্ৰই শক্তিশালী বুলি উল্লেখ কৰি মহন্তই আৰু কয় -'নতুন দিনবোৰত গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকৰ মনৰ চিন্তাবোৰ প্ৰতিপন্ন কৰক।' কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা প্ৰমোদ বড়োৱে অসমত শান্তিৰ বাতাৱৰনৰ এক নতুন দিগন্ত সূচনা কৰা বুলি উল্লেখ কৰি সকলোকে আহ্বান জনায় কয় 'আজিৰে পৰা যাতে কোনেও বড়ো উগ্ৰপন্থী শব্দটো ব্যৱহাৰ নকৰে।কাৰণ আজিৰ দিনটো আমাৰ ঐতিহাসিক মুহূৰ্ত।আজিৰে পৰা আমাৰ সমাজত কোনো অবৈধ মাৰণাস্ত্ৰ নাথাকে।'আলফাকো ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ তেওঁ আহ্বান জনায়।

Pic

উল্লেখ্য যে অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত ১৭৮টা শক্তিশালী অস্ত্ৰ সংগঠনকেইটাই জমা দিয়ে।তাৰ ভিতৰত একে চিৰিজৰ ৰাইফল আছে ৭০ টাতকৈ অধিক।আছে এলএমজি,বহু সংখ্যক মেগজিন, গুলী-বাৰুদ।এই কথা জানিবলৈ দিয়ে ভাস্কৰ জ্যোতি মহন্তই।

Your Comments