আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাৰ্ঘ্যঃ কপিলী-যমুনা উপত্যকাৰ শেষৰজন ডিমাছা কাছাৰী ৰজা ধৰ্মেশ্বৰ কোঁৱৰ

শেষৰজন কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ ৰাজত্বকালৰ উত্তৰ কাছাৰৰ শাসনকৰ্তা কোহিধন বা কাশীচন্দ্ৰই বিদ্ৰোহ কৰি স্বতন্ত্ৰ ৰজাৰ দৰে চলিবলৈ লোৱাত গোবিন্দচন্দ্ৰৰ সৈন্যই ১৭৩৭ শকাব্দৰ ১ ফাগুণত কাশীচন্দ্ৰক শিলধৰমপুৰত বধ কৰে ৷ গোবিন্দচন্দ্ৰই কাশীচন্দ্ৰৰ পুতেক তুলাৰামকো সেনাপতি পদৰ পৰা পদচ্যুত কৰাত তুলাৰাম সেনাপতিয়ে উত্তৰ কাছাৰত বিদ্ৰোহ কৰে আৰু পিছত কপিলী-যমুনা উপত্যকাত শাসন কৰিবলৈ লয় ৷ গোবিন্দচন্দ্ৰৰ হেঁচাত পিছলৈ তেওঁৰ ৰাজ্য সংকুচিত হৈ পৰে ৷ ১৮২৯ চনৰ জুলাই মাহত ব্ৰিটিছ প্ৰশাসনে তুলাৰামৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল এনেদৰে- উত্তৰত যমুনা, দক্ষিণত মাহুৰ, পূবত ধনশিৰি আৰু পশ্চিমত দিয়াং নদী ৷ ১৮২৯ চনৰ পৰা ১৮৩৪ চনৰ ৩ নৱেম্বৰলৈকে এই ভূখণ্ডত তুলাৰাম সেনাপতিয়ে স্বতন্ত্ৰ ৰজাৰ দৰে শাসন কৰিছিল ৷

king_of_dimasa

তুলাৰাম সেনাপতিৰ পুত্ৰ নকুলৰাম বৰ্মনৰ জগন্নাথ বৰ্মন নামৰ পুতেকজনে কোনো কথাত মতানৈক্য হোৱাত তুলাৰামৰ শাসনৰ কেন্দ্ৰ মৌদঙ্গা ত্যাগ কৰি ১৮৫২ চনমানৰ পৰা চাংচকীত বসতি কৰি থকা ভোগধৰ বৰ্মন নামৰ বিষয়াজনৰ ঘৰত আশ্ৰয় লয় আৰু কামপুৰৰ নিজ কামপুৰ গাঁৱৰ বলিয়া বিষয়াৰ ভনীয়েক দৰজা লস্কৰক বিয়া কৰাই নিজ কামপুৰতে থাকিবলৈ লয় ৷ তেওঁলোকৰ পুত্ৰ বলিছিং কোঁৱৰ ৷ বলিছিং কোঁৱৰৰ দুজন পুত্ৰ ধৰ্মেশ্বৰ আৰু ধৰ্মকান্ত ৷


ধৰ্মেশ্বৰ কোঁৱৰকে তুলৰাম সেনাপতিয়ে প্ৰতিষ্ঠা কৰা ৰাজবংশৰ অষ্টম আজোনাতি হিচাপে সামাজিকভাৱে শেষৰজন ডিমাছা কছাৰী ৰজা বুলি স্বীকৃতি দিছিল ৷ ২০০৯ চনৰ কামপুৰত অনুষ্ঠিত ডিমাছা অভিৱৰ্তন আৰু ত্ৰিপুৰাত অনুষ্ঠিত ট্ৰিং উৎসৱত ধৰ্মেশ্বৰ কোঁৱৰক শেষৰজন ডিমাছা ৰজা হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল ৷ ধৰ্মেশ্বৰ কোঁৱৰ আছিল শংকৰী সংস্কৃতিৰ নীৰৱ সাধক, শিল্পী, সু-অভিনেতা, গায়ক আৰু সমাজ সেৱক ৷ তেখেতে ওজাপালি গাব জানিছিল বাবে অনেকেই তেওঁক ‘ওজা’  বুলিছিল ৷ তেখেত এজন ধাৰ্মিক লোক আছিল ৷ গাঁৱতো তেওঁ গায়ন আৰু বায়ন আছিল ৷ ৯৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজ কামপুৰৰ নিজ বাসগৃহত শেষৰজন ডিমাছা কছাৰী ৰজা ধৰ্মেশ্বৰ কোঁৱৰৰ মৃত্যু হয় ৷ 

Your Comments