'কা' বিৰোধী প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ বাতিল

Pic

জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বিৰোধী প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত বাতিল কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ।১০জানুৱাৰীত গুৱাহাটীত আয়োজিত হ’ব লগা খেল' ইণ্ডিয়া য়ুথ গ্ৰেমছ উদ্ধোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোডীৰ। আনহাতে,প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ পিছতে "খেল' ইণ্ডিয়া য়ুথ গেমছ" উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। উল্লেখযোগ্য বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে জাতীয় দল-সংগঠনৰ প্ৰতিবাদ। তাৰ মাজতে অসমবাসীৰ প্ৰতিবাদক গুৰুত্বহীন কৰি মোডীয়ে অসম ভ্ৰমণলৈ আহিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে। আনকি শিল্পী জুবিন গাৰ্গেও মোডীৰ ভ্ৰমণৰ সময়ত বিমানবন্দৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰিছিল।তাৰ পিছতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে মোডীৰ অসম ভ্ৰমণ।

Your Comments