দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদ জনাই ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত ক'লা পতাকা উৰুৱালে শিক্ষাৰ্থীয়ে।বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কটনিয়ানে ক'লা পতাকা উৰুৱাই সমগ্ৰ ঘটনাৰে জড়িত প্ৰতিগৰাকী দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।লগতে,সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত জেএনইউ কেম্পাছৰ ভিতৰত দুৰ্বৃত্ত কেনেদৰে সোমাবলৈ পালে তাক লৈও সন্দেহৰ অৱকাশ থকা উল্লেখ কৰে কটনিয়ানে।এই প্ৰসংগত কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে কয়-'চৰকাৰে আশ্ৰয় দিয়া গুণ্ডা বাহিনীৰ দ্বাৰা আক্ৰমণ কৰা হৈছে ছাত্ৰ-ছাত্ৰীক।' গুৰুত্বপূৰ্ণ কথা এই যে ঘটনা সংঘটিত হোৱা আজি তৃতীয়টো দিনত ভৰি দিলে যদিও সমগ্ৰ ঘটনাৰে কোন জড়িত আছে,তাক নিশ্চিত কৰিব পৰা নাই প্ৰশাসনে।তাৰ মাজতে সন্দেহৰ আঙুলি উঠিছে এবিভিপিলৈ।
- Log in to post comments
- 19 views