মঙলবাৰে অগপ নেতৃত্বৰ বদলিৰ দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদ বৈঠকত মিলিত হোৱাৰ পিছত বুধবাৰে অৰ্থাৎ আজি অগপ সভাপতি অতুল বৰা মিলিত হ'ব তৃণমূল কৰ্মীয়ে গুৰুত্বপূৰ্ণ বৈঠকত।আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা বৈঠকত ইতিমধ্যে একেখন গাড়ীতে আহি উপস্থিত হৈছে দলটোৰ তিনিজন মন্ত্ৰী ক্ৰমে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,ফণীভূষণ চৌধুৰী। একেদৰে বৈঠকত উপস্থিত আছে দলটোৰ সাধাৰণ সম্পাদক ডাঃকমলা কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা প্ৰমুখ্যে দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা। বৈঠকত উপস্থিত আছে অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা। তৃণমূল কৰ্মীৰে বৈঠকত বহাৰ আগতে অসম গণ পৰিষদৰ সভাপতিৰ কক্ষত নেতৃত্ব মিলিত হৈছে ৰুদ্ধদ্বাৰ বৈঠকত। আমবাৰীৰ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি কিছুসংখ্যক তৃণমূল কর্মী।প্ৰায় ৬০-৭০জন কর্মী উপস্থিত আছে বৈঠকখনত।এক কথাত ক'বলৈ গ'লে মঙলবাৰৰ মহন্তৰ ফৈদৰ বৈঠকৰ তুলনাত নগণ্যসংখ্যক কর্মী উপস্থিত আছে অতুল বৰাৰ বৈঠকত। উল্লেখ্য যে মঙলবাৰে প্ৰফুল কুমাৰ মহন্তৰ ফৈদে ২৯খন জিলা সমিতিৰ সন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি 'কা' সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নেতৃত্বক বান্ধি দিছিল সাত দিনৰ সময়সীমা।অন্যথা নেতৃত্ব পৰিৱৰ্তনৰো দাবী উত্থাপন কৰিছিল মঙলবাৰৰ সভাখনত।
- Log in to post comments
- 78 views