নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কাৰাৰুদ্ধ হৈ থকা লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক মঙলবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত পুনৰ হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতত।আদালতে নেতাগৰাকীক পুনৰ ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।সেই অনুসৰি বৰপেটা কাৰাগাৰতে পুনৰ ৰখা হ'ব শৃংখলক।
উল্লেখ যে দেওবাৰে আদালতত হাজিৰ কৰাবলৈ সংগ্রামী নেতাগৰাকীক লৈ অহাৰ সময়ত পুনৰ কয়-"বিজেপি আৰু 'কা'ৰ বিৰুদ্ধে সংগ্রাম অব্যাহত থাকিব।২০২১লৈকে এই যুদ্ধ চলিব আৰু বিজেপিক চৰকাৰৰ পৰা উৎখাত কৰা হ'ব।"
"উজনি অসমৰ পৰা বিজেপিক সম্পূৰ্ণ নাইকিয়া কৰি দিয়া হ'ব"-শৃংখলে কয়।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে অহা ৯ জানুৱাৰীত শৃংখলৰ জামিনৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব শুনানি।
- Log in to post comments
- 29 views