নেতৃত্ব পৰিৱৰ্তনৰ বাবে অগপত বিদ্ৰোহ:২৯ খন জিলা সমিতিয়ে বান্ধি দিলে ৭ দিনৰ সময়

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন সমৰ্থন আৰু বিৰোধিতাক কেন্দ্ৰ কৰি আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদত আৰম্ভ হৈছে বিদ্রোহ। মঙলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদে মুঠ ২৯খন জিলা সমিতিক লগত লৈ নেতৃত্বৰ বিৰুদ্ধে মঙলবাৰে এখন বৈঠকত মিলিত হয়।অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক সংগ দিয়ে দলৰ দুই বৰ্তমানৰ বিধায়ক ক্ৰমে বৃন্দাবন গোস্বামী আৰু পবিন্দ্ৰ ডেকাই। উল্লেখ্য যে অগপৰ মুঠ ৪৭খন জিলাৰ সমিতিৰ ভিতৰত ২৯জিলা সমিতিয়ে অংশগ্ৰহণ কৰা বৈঠকত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে মুকলিকৈ 'কা'ৰ বিৰোধিতা কৰাৰ লগতে দলৰ নেতৃত্ব অতুল বৰা,কেশৱ মহন্ত,ফণীভূষণ চৌধুৰী,ডাঃ কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দলৰ পৰা বহিস্কাৰ কৰাৰো দাবী উত্থাপন কৰে। একাংশ জিলা প্ৰতিনিধিয়ে সভাপতি অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়- 'অতুল বৰা দেশদ্ৰোহী।তেওঁ মোৰ দাদা হ'ব পাৰে,কিন্তু দলৰ উৰ্ধত গৈ কাম কৰিলে তাৰ কেতিয়াও কম্প্র'মাইজ কৰা নহব"। ইফালে বৈঠকখনতে ২৯খন জিলা সমিতিৰ সহমতত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।সেই অনুসৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰিব। 'কা' সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নেতৃত্বক বান্ধি দিয়া হৈছে সাত দিনৰ সময়সীমা।অন্যথা দলৰ পৰা গ্ৰহণ কৰা হ'ব নেতৃত্বৰ পৰিৱৰ্তন সিদ্ধান্ত। 'কা' আন্দোলনত শ্বহীদ হোৱাসকলৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰা হয়।তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ নিযুক্তিৰ দাবী জনায়।এই কথা জানিবলৈ দিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামীয়ে। উল্লেখ্য যে পূৰ্বৰ সূচী অনুসৰি বৈঠকখন অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু সভাপতি অতুল বৰাৰ হস্তক্ষেপত আমবাৰী কাৰ্যালয়ত আৰক্ষী নিয়োগ কৰি পুৱাৰে পৰা তলা লগাই বন্ধ কৰি ৰখা হৈছিল কাৰ্যালয়ৰ মূল তিনিওখন প্ৰৱেশদ্বাৰ।যাতে নেতৃত্বৰ বিৰুদ্ধে প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদে দলৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত কৰিব নোৱাৰে।সেই প্ৰসংগক আঁত ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয়-'আমাৰ নেতৃত্বতে দলত অংশগ্ৰহণ কৰিছিল অতুল বৰাই।কিন্তু এতিয়া নেতৃত্ব পাই কাৰ্যালয় বন্ধ কৰি অন্যায় কৰিছে।অগপ কাৰ্যালয়ত দলৰ সকলোৱে বৈঠকত মিলিত হ'ব পাৰে।'

Your Comments