আমবাৰীৰ অগপ কাৰ্যালয়ত দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক পাতিবলৈ দিয়া নহ'ল বৈঠক।আমবাৰীত কটকটীয়া নিৰাপত্তা বেষ্টনীত অগপ মুখ্য কাৰ্যালয়।
উল্লেখযোগ্য যে আজি প্ৰফুল্ল মহন্তৰ সমৰ্থকেৰে দলৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে বৈঠক হোৱাৰ কথা আছিল আমবাৰীৰ কাৰ্যালয়ত।কিন্তু আৰক্ষীয়ে প্ৰফুল্ল কুমাৰ মহন্তক দলৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত কৰিবলৈ নিদিলে।
ফলত বৈঠকখন বৰ্তমান সময়ত অনুষ্ঠিত কৰা হৈছে অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত।
উল্লেখযোগ্য যে অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত গোটৰ অভিযোগ যে নেতৃত্ব অতুল বৰাৰ চক্ৰান্তত বৈঠকখন দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ল।
কাৰ্যালয়ৰ তিনিওখন প্ৰৱেশদ্বাৰত লগাই দিয়া হৈছে তলা।যাতে কোনো প্ৰকাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদে মুখ্য কাৰ্যালয়ৰ ভিতৰত নেতৃত্বৰ বিৰুদ্ধে বৈঠক অনুষ্ঠিত কৰিবলৈ নোৱাৰে।
বৰ্তমান বৈঠকত উপস্থিত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,বিধায়ক, বৃন্দাবন গোস্বামী,বিধায়ক পবিন্দ্ৰ ডেকা, অগপ মহানগৰ জিলা সমিতি।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হৈছে বৈঠক।
- Log in to post comments
- 33 views