জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত প্ৰৱল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে সন্ধিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশবাসীৰ মাজত। সমগ্ৰ দেশৰ জনতাই ছাত্ৰ সমাজৰ ওপৰত চলা দুৰ্বৃত্তৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে।সোমবাৰে গুৱাহাটীৰ ছাত্ৰ সমাজে জেএনইউ কাণ্ডৰ উচিত তদন্তৰ দাবী তুলি ঘটনাৰে জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীৰে মহানগৰীৰ নেহৰু পার্কৰ সন্মুখত গ্ৰহণ কৰে 'ধিক্কাৰ' শীর্ষক প্ৰতিবাদী কাৰ্যসূচী মহানগৰীৰ ছাত্ৰ সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত জেএনইউৰ প্ৰাক্তন ছাত্ৰ ভূপেন শৰ্মাই সমগ্ৰ ঘটনাক ধিক্কাৰ জনাই কয়-'জেএনইউৰ শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদী সত্ত্বা আৰু চিন্তাক পৰিকল্পিতভাৱে হত্যা কৰিবলৈ বিচৰা হৈছে।যি কেতিয়াও ছাত্ৰ সমাজে হ'বলৈ নিদিয়ে।মোৰ বিশ্বাস ছাত্ৰ সমাজৰ ওপৰত হোৱা এই ফেচিষ্ট আক্ৰমণ ছাত্ৰ সমাজে নিজে শেষ কৰিব।' প্ৰতিবাদত উপস্থিত থাকি চিপিআই(এম)ৰ নেতা হেমেন দাসে ফেচিষ্ট শাসন নিঃশেষ কৰাৰ বাবে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি কয়-'এনে ঘটনাৰ এয়াই যে শেষ তেনে নহয়।পুনৰাবৃত্তি হ'ব বিভিন্ন ঠাইত।'জেএনইউৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান আইআইটিৰ গৱেষক ছাত্ৰী প্ৰাৰ্থনা শইকীয়াই কয়-'ঘটনাৰ আঁৰত থকা ৰাজনৈতিক অভিসন্ধিৰ কথা জানিব লাগিব।প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী সচেতন হোৱা সময় সমাগত।'বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে কয় যে প্ৰতিবাদৰ প্ৰতীক হৈছে জেএনইউ।ফেচিষ্ট আৰএছএছ-বিজেপিৰ বিৰুদ্ধে যুক্তিৰে যুঁজ দিব লাগিব।আনহাতে,সমগ্ৰ ঘটনাৰে কোন জড়িত সেই কথা বৰ্তমান সময়লৈকে নিশ্চিত হোৱা নাই যদিও একাংশই সন্দেহ কৰিছে সমগ্ৰ ঘটনাৰে জড়িত বিজেপি-আৰএছএছ।সেই কথাৰ আঁত ধৰি প্ৰতিবাদী ছাত্ৰ সমাজে দাবী কৰি যে আৰএছএছক নিষিদ্ধ সংগঠন ঘোষণা কৰিব লাগে। উল্লেখ্য যে নেহৰু পার্কৰ সন্মুখৰ পৰা ছাত্ৰ সমাজে গুৱাহাটী ক্লাবলৈকে সমদল বাহিৰ কৰে। ছাত্ৰ সমাজৰ হৈ কাৰ্যসূচীত উপস্থিত থাকে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা,এছএফআইৰ সাধাৰণ সম্পাদক নিৰংকুশ নাথ,সভাপতি কাশ্যপ চৌধুৰী, সমাজকর্মী মীৰা বৰঠাকুৰ, অৰ্থনীতিবিদ জয়দীপ বৰুৱা।একেদৰে উপস্থিত থাকে কেৰেলাৰ ৰাজ্যসভাৰ চিপিআই সাংসদ বিনয় ভিশ্বৰম।
- Log in to post comments
- 15 views