'বিজেপিয়ে মুখত ক'লেই গুৱাহাটী ক্ৰীড়া ৰাজধানী হৈ নাযায়':তৰুণ গগৈ

Pic

'মুখত ক'লেই গুৱাহাটী ক্ৰীড়া ৰাজধানী হৈ নাযায় । ট্ৰিপালৰ এটা লিক মাৰিব নোৱাৰা চৰকাৰে কেনেদৰে বনাব গুৱাহাটীক ক্ৰীড়া ৰাজধানী'-এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।দেওবাৰে বর্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ মাজত 'টী-২০' শৃংখলাৰ প্ৰথমখন খেল পৰ্যাপ্ত সুবিধা নথকাৰ বাবে  বাতিল হোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে চৰকাৰী আৱাসগৃহত সম্বোধন কৰা সংবাদমেলত কয়-'সোণোৱাল চৰকাৰে আজি অসমক বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিলে।যিখন চৰকাৰে অসমত আজিলৈ এখনো ভাল ষ্টেডিয়াম নিৰ্মাণ কৰিব নোৱাৰিলে,সেইখন চৰকাৰে আকৌ কয় গুৱাহাটীক বোলে ক্ৰীড়া ৰাজধানী কৰিব।'চৰকাৰে লোকৰ তেলেৰে মাছহে বনাব জানে বুলি উল্লেখ কৰি গগৈয়ে বর্ষাপাৰাৰ ঘটনাৰ বাবে অসম ক্ৰিকেট সন্থাই ক্ষমা খোজাৰো দাবী জনায়। আনহাতে, একেখন সংবাদমেলতে 'কা' আন্দোলনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়- 'কোনো আন্দোলনকাৰী যদি কংগ্ৰেছলৈ আহিব বিচাৰে,তেন্তে আদৰণি জনোৱা হ'ব'।বৰষাৰাণী বিষয়াক অগ্নিকন্যা আখ্যা দি গগৈয়ে কয়-'বৰষাক মই ভাল পাইছোঁ।তাই 'কা'ৰ প্ৰতিবাদ কৰি নাৰীশক্তি প্ৰতিফলিত কৰিছে।' ইফালে,'কা' আন্দোলনৰ মাজতে এজন প্ৰাক্তন বিজেপি নেতাই অতি শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বুলি সংবাদমেলত ইংগিত প্ৰদান কৰে গগৈয়ে।

Your Comments