নলবাৰীত 'কা'ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

'কা'ৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া সদৌ নলবাৰী জিলা ছাত্র সন্থাই নলবাৰী চহৰৰ মাজেৰে এটা প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়। হাতে হাতে অগ্নিশিখা লৈ সহস্ৰাধিক আছু নেতা-কৰ্মী, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, স্থানীয় ৰাইজে সৰ্বানন্দ সোণোৱাল হায় হায়, 'কা' বাতিল হ'বই লাগিব, জাতি আজি ৰাজপথত সৰ্বা তোমাৰ কাম নাই, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায়, ফণী-কেশৱ-অতুল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, আছে হেংদাং লোৱা নাই,ল'লে হেংদাং ৰক্ষা নাই আদি শ্ল'গানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰি তোলে। উক্ত জোঁৰ সমদলত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মণ, 'আছু'ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই কয় যে কোনো কাৰণতে এই জাতিধ্বংসী আইনখন মানি লোৱা নহ'ব। অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কা বাতিল হ'বই লাগিব। অগ্নিগৰ্ভ অসমত 'কা' জাপি দি বিজেপি শাসনাধিষ্ঠিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জাতীয় জীৱন বিপদাপন্ন কৰিব বিচাৰিছে, এনে কাৰ্য জাতীয় সংগঠন আছুৱে কোনো কাৰণতে মানি নলয় বুলি আছু নেতৃত্বই চৰকাৰক সকীয়াই দিয়ে। জোঁৰ সমদলত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকাই আৰম্ভণিতে চৰকাৰ দমননীতিক কঠোৰ সমালোচনা কৰাৰ লগতে বিভাজন, ধৰ্মৰ নামত ভাগ ভাগ, প্ৰলোভনৰ ৰাজনীতি আদি অসমৰ ৰাইজে বুজি পাইছে বুলি বক্তব্য আগবঢ়ায়। নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা আছুৰ কৰ্মীয়ে উলিওৱা উক্ত জোঁৰ সমদলটোৱে নলবাৰীৰ ছহিদ ভৱনৰপৰা পি এন চি ৰোড হৈ বাটা চ'কেৰে বড় মছজিদ হৈ নাট্য মন্দিৰৰ ওচৰত সামৰণি পেলায়।

Your Comments