জামিন লাভ আলফা নেতা জিতেন দত্তৰ:দেওবাৰে পুৱা ওলাই আহিব মুকলি আকাশৰ তললৈ

Pic
কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল আলফা নেতা জিতেন দত্ত।তিনিচুকীয়া-মাঘেৰিটা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছিল আলফা নেতাগৰাকীয়ে। উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ পিছতে চৰকাৰৰ মূৰ কামোৰণি হৈ পৰিছিল দত্ত।তাৰ পিছতে যোৱা ১৪ ডিচেম্বৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল আলোচনাপন্থী আলফা নেতাগৰাকীক।

Your Comments