'কা'ৰ বিৰুদ্ধে জোঁৰ সমদল:গোলাঘাটত মেলি দিয়া গুপ্তঘাটক কোন?চৰকাৰলৈ আছুৰ প্ৰশ্ন

Pic

বিজেপি চৰকাৰৰ জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি জোঁৰ সমদল উলিয়াই সদৌ অসম ছাত্ৰ সন্থাসহ ৩০জনগোষ্ঠীয় সংগঠনে।মহানগৰীৰ 'আছু'ৰ মুখ্য কাৰ্যালয়ৰ পৰাও 'কা'ৰ বিৰোধিতাৰে উলিওৱা হয় জোঁৰ সমদল।মহানগৰীত উলিওৱা জোঁৰ সমদলত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'কা বাতিল নোহোৱালৈকে অহিংস-গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব।' কেন্দ্ৰৰ মোডী আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক দমন ৰাজত্ব বন্ধ কৰাৰ সকীয়নি প্ৰদান কৰি ভট্টাচাৰ্যই তাপৰ্যপূৰ্ণভাৱে কয়-'আন্দোলনকাৰীৰ ওপৰত চৰকাৰে গুপ্তঘাটক মেলি দিছে।গোলাঘাট জিলাত মেলি দিয়া গুপ্তঘাটক-হত্যাকাৰীসকল কোন?চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰক।দমনে আন্দোলন স্তব্ধ কৰিবলৈ নোৱাৰে।' নলবাৰীৰ আছু কর্মীৰ ওপৰত কৰা আক্ৰমণৰো গৰিহণা জনায় মুখ্য উপদেষ্টা ড: ভট্টাচাৰ্যই। ইফালে 'কা'ৰ বিৰোধিতা কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সমাজক উদ্দেশ্য কৰি ভট্টাচাৰ্যই কয়-'ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ একো হ'ব নোৱাৰে।আমাৰ ছাত্ৰসকলে আন্দোলন কৰিব আৰু পঢ়িব।একেদৰে খেলো চলিব আৰু আন্দোলনো চলিব।' প্ৰায় পাঁচ শতাধিক আছু কর্মীৰ লগতে জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী সমাজ,স্থানীয় নাগৰিক,বিভিন্ন অনুষ্ঠানে। প্ৰতিবাদী সমদলত আছুৰ সভাপতি দীপাংক নাথ, শিল্পী অজয় ফুকন উপস্থিত থাকে।

Your Comments