জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বিৰোধী আন্দোলনত জেহাদীৰ উপস্থিতি দেখিবলৈ পাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।তেওঁ কয়-জেহাদীয়ে জনতা ভৱন জ্বলাই দিয়াৰ পৰিকল্পনাৰ কৰিছিল।তেওঁ লগতে কয়-'জেহাদীসকলে জনতা ভৱনলৈ আহোঁতে জুইশালা লৈ আহিছিল।' বৃহস্পতিবাৰে গুৱাহাটীত সম্বোধন কৰা এখন সংবাদমেলত সভাপতি দাসে কয়-বেলতলাৰ পৰা হাতীগাঁৱলৈ যিমান খিলঞ্জীয়া লোক আছে,প্ৰত্যেককে স্পাই কেমেৰাৰে সোধক,তেতিয়া গম পাব জনতা ভৱন জ্বলোৱা পৰিকল্পনা কাৰ আছিল।'যদি সেই লোকসকলে ইয়াত জেহাদী জড়িত নাই বুলি কয় তেতিয়া দাসে ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি উল্লেখ কৰে। গুৰুত্বপূৰ্ণ কথা এই যে দাসে নিজে বহুসংখ্যক ভিডিঅ' ফুটেজ চোৱা বুলি দাবী কৰি কয়-'সেই ভিডিঅ সমূহত বহুসংখ্যকে পকেটত জুইশলা লৈ আহিছে।' আৰক্ষীয়ে যদি বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে হয়,জনতা ভৱনৰ সমান্তৰালকৈ বৰপেটা উপায়ুক্ত কাৰ্যালয় জ্বলাই দিলেহেতেন বুলি দাসে কয়।কাৰণ,এনআৰচি নথিপত্ৰসমূহ শেষ কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। চাবুৱাত 'কা' বিৰোধী আন্দোলনত মাওবাদী আৰু কৃষক মুক্তি জড়িত থকা বুলি উল্লেখ কৰি দাসে কয়- 'এইসমূহৰ উপৰিও কংগ্রেছ ইয়াৰ লগত জড়িত আছে।বিধায়কৰ ঘৰ জ্বলোৱা দুষ্কতিকাৰীসকলক প্ৰশাসনে চিনাক্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।'
- Log in to post comments
- 5 views