কেন্দ্ৰৰ নতুন নিৰ্দেশনা জাৰি:পুনৰ দিয়া হ'ল মাঘ বিহুৰ বন্ধ

Pic

অৱশেষত পুনৰ নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰই। পূৰ্ব প্ৰকাশিত বন্ধৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল মাঘ বিহুৰ দিনটো। মাঘ বিহুৰ বন্ধৰ দিনটো লৈ যোৱা হৈছিল দুৰ্গা পূজাৰ সপ্তমীলৈ।তাৰ পিছতেই অসমীয়া সমাজৰ মাজত সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।শেহতীয়াকৈ 'নিউজ এএছএন'ৰ হাতত পৰা তথ্য মতে,অসমীয়া সমাজৰ মাজত হোৱা এনে প্ৰতিক্ৰিয়া হোৱা প্ৰত্যক্ষ কৰিয়েই তাৎক্ষণিকভাৱে নতুন নিৰ্দেশনা দি পুনৰ দিয়া হ'ল মাঘ বিহুৰ বন্ধ। উঠাই দিয়া হ'ল সপ্তমী পূজাৰ বন্ধ।

Your Comments