'কা' বিৰোধিতাৰে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা যুৱ-ছাত্ৰ পৰিষদৰ:আন্ত:ৰাজ্যিক পাৰপত্ৰ বিচাৰি দ্বাৰস্থ হ'ব উচ্চতম ন্যায়ালয়ৰ

Pic

'সংশোধিত নাগৰিকত্ব সংশোধনী আইন-২০১৯'বাতিলৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ।ইংৰাজী নৱবর্ষৰ দ্বিতীয় দিনটোতে অৰ্থাৎ বৃহস্পতিবাৰে জাতীয় সংগঠনটোৱে ঘোষণা কৰা 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী মাঘবিহুলৈ ধাৰাবাহিকভাৱে চলিব। সেই অনুসৰি,অহা ৪ জানুৱাৰীত ৰাজ্যজুৰি গাঁৱে-ভূঁৱে জোঁৰ সমদল। ৮ জানুৱাৰীত ৰাজ্যজুৰি জিলা সমিতিসমূহে গ্ৰহণ কৰিব প্ৰতিবাদী সমদলৰ কাৰ্যসূচী।১১ জানুৱাৰীত ৰাজ্যজুৰি ক'লা দিৱস উদযাপন।সেই দিনটোত ঘৰে-ঘৰে মানুহে ক'লা পতাকা উৰুৱাৰ লগতে ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱা হ'ব।১২ জানুৱাৰীত 'কা' আন্দোলনৰ শ্বহীদলৈ সন্মান জনাই সমূহীয়া শ্রদ্ধাঞ্জলি আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ কাৰ্যসূচী।১৩ জানুৱাৰীত অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ দিনটোত দিছ্পুৰত গণ অৱস্থানৰ কাৰ্যসূচী। এই কথা বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। একেখন সংবাদমেলতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জানিবলৈ দি কয়-'আন্ত:ৰাজ্যিক পাৰপত্ৰ বিচাৰি অহা পাঁচ জানুৱাৰীত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ব আবেদন।'

Your Comments