চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত স্থলসেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে অৱসৰ গ্ৰহণ কৰাৰ পিছত স্থলসেনা প্ৰমুখৰ দায়িত্ব গ্ৰহণ কৰিলে লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নৰৱণেই।উল্লেখযোগ্য যে নৰৱণে ইয়াৰ পূৰ্বে উপ-স্থলসেনা প্ৰমুখৰ পদত আছিল।লেফটেনেন্ট জেনেৰেল নৰৱণে দেশৰ ২৮ সংখ্যক স্থলসেনা প্ৰমুখ।লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নৰৱণেৰ জন্ম ১৯৬০ চনৰ ২২ এপ্ৰিলত এটা মাৰাঠী পৰিয়ালত হৈছিল।তেওঁৰ পিতৃ বায়ুসেনাৰ ৱিং কমাণ্ডাৰ আছিল।
- Log in to post comments
- 10 views