স্থল সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱাটক নিযুক্তি দিয়া হ'ল দেশৰ প্ৰথম 'চীফ অব ডিফেন্স ষ্টাফ'(চিডিএছ) হিচাপে।চিডিএছ বিপিন ৰাৱাট হ'ব প্ৰতিৰক্ষা মন্ত্ৰীৰ মুখ্য সৈন্য পৰামৰ্শদাতা।তেওঁ স্থল,বায়ু,নৌসেনাৰে সম্পৰ্কিত বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰীক পৰামৰ্শ দিব।সেনা অভিযানৰ সময়ত তিনিওটা শাখাৰ সেনাৰ মাজত সহযোগিতা অটুট ৰখাৰ ক্ষেত্ৰত চিডিএছে ভূমিকা পালন কৰিব।
- Log in to post comments
- 19 views