অসমী আইক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত বিজেপি চৰকাৰৰ জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰোধিতাৰ আন্দোলনত অংশগ্ৰহণ কৰি প্ৰাণ হেৰুৱা পাঁচগৰাকী শ্বহীদক স্মৰণ কৰিলে কটনিয়ানে।বুধবাৰে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত পঞ্চশ্বহীদক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলী জনায় কটনৰ বিদ্যাৰ্থী সমাজে। ছাত্ৰ সমাজে গধূলি সমগ্ৰ বিশ্ববিদ্যালয়ৰ চৌহদত পাঁচগৰাকী শ্বহীদক সোঁৱৰণ কৰি বন্তি প্ৰজ্বলন কৰে। কটনিয়ানসকলে বুধবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 'কা' বিৰোধী আন্দোলনত আহত হৈ চিকিৎসাধীন হৈ থকা সকলৰো আশু-আৰোগ্য কামনা কৰে। উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ তিনি গৰাকীয়েই হৈছে ১৮ বছৰৰ তলৰ ছাত্ৰ। গুৰুত্বপূৰ্ণ কথা যে 'কা' বিৰোধী আন্দোলনত ৰাজ্যৰ ছাত্ৰ সমাজক অংশগ্ৰহণ কৰোৱাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
- Log in to post comments
- 191 views