প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৫ সংখ্যক জন্মজয়ন্তী বুধবাৰে দেশজুৰি উদযাপন কৰা হয়।বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'অটল ভূজল যোজনা'ৰ শুভাৰম্ভ কৰে।
আঁচনিখনৰ শুভাৰম্ভ কৰি মোডীয়ে কয় যে বিগত ৭০ বছৰত মাত্ৰ ৩ কোটি ঘৰলৈ পানী যোগান দিয়াটো সম্ভৱপৰ হ'ল।কিন্তু, আগন্তুক সময়ত এই ক্ষেত্ৰত আমি অধিক দক্ষতাৰে কাম কৰিব লাগিব।নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত অনুষ্ঠানটোত দেশৰ জনগণক পানীৰ সঞ্চয় কৰিবলৈ আহ্বান জনায়।বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে হিমাচল প্ৰদেশত 'অটল টানেল' নামৰ এটা হাইৱে টানেলো মুকলি কৰে।
- Log in to post comments
- 16 views