
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নেছ'ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে।বন্ধলৈ মুকলি সমৰ্থন আগবঢ়াইছে কেব চালকসকলে।তেওঁলোকে মঙলবাৰে বন্ধ ৰাখিব কেব চলাচল।এই কথা এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ঘোষণা কৰিছে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ সন্থাৰ সভাপতি ইব্ৰাহিম আলীয়ে।তেওঁ কয়-'জাতিৰ স্বাৰ্থত অসম বন্ধৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে।তাৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।'
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লোকসভাত গৃহীত কৰিছে বহু বিতৰ্কিত বিধেয়কখন।বুধবাৰে ৰাজ্যসভা কেব উত্থাপন কৰাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 11 views