
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মৌন স্থিতি অৱলম্বন কৰা অভিনেতা যতীন বৰাই তেজপুৰত প্ৰতিবাদকাৰীৰ ৰোষত পৰাৰ পিছতে সামাজিক মাধ্যম ফেচবুকত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। 'অসমীয়া ভাষা-সংস্কৃতিৰ তথা অসমীয়া জাতিৰ উৰ্ধত মোৰ কাৰণে আৰু একো হ'বলৈ নোৱাৰে।আজি মই যি হয়,কেৱল অসমবাসী ৰাইজৰ বাবে হয়।অসমীয়া জাতি, অসমীয়া মাটি, অসমৰ ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি সিদ্ধান্ত আঁকোৱালি লয়,সেই সিদ্ধান্তক মই সম্পূৰ্ন শ্ৰদ্ধা কৰো'- যতীন বৰাই প্ৰকাশ কৰিছে।
- Log in to post comments
- 3 views