'কেব'ৰ বিৰূদ্ধে 'আছু'ৰ ধাৰাবাহিক আন্দোলন ঘোষণা:অসমীয়াৰ স্বাভিমানত হাত দি জুইৰ লগত খেলিবলৈ বিচাৰিছে-লুৰিণজ্যোতি গগৈ

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।৭-৮ ডিচেম্বৰ অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি বিধেয়ক বাতিলৰ দাবীত বিশাল জোঁৰ সমদল কাৰ্যসূচী উলিওৱা হ'ব।লোকসভাত বিধেয়ক উত্থাপন হোৱাৰ দিনা অর্থাৎ অহা ৯ ডিচেম্বৰত ৰাজ্যজুৰি বিধেয়ক দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।১৩ ডিচেম্বৰত গুৱাহাটীত আছুৰ উদ্যোগত বিশাল গণ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।আন্দোলনৰ উল্লিখিত কৰ্মসূচীৰ কথা গুৱাহাটীৰ শ্বহীদ ভৱনত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে 'আছু'ৰ সভাপতি দীপাংক নাথে। আনহাতে,১০ ডিচেম্বৰত নেছ'ৱে আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে আছুৱে।উক্ত দিনটোত অসমৰ প্ৰতিগৰাকী নাগৰিকক বন্ধ সফল কৰাৰ বাবে আছুৰ সভাপতি নাথে আহ্বান জনাইছে। ইফালে শনিবাৰৰ সংবাদমেলত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে দিল্লী-দিছপুৰৰ চৰকাৰক সকীয়নী প্ৰদান কৰি কয়- 'বলপূৰ্বকভাৱে কেব জাপি দি ৰজাঘৰীয়াই অসমীয়া স্বাভিমানৰ লগত যদি খেলা কৰিবলৈ বিচাৰিছে,তেন্তে জুইৰ লগত খেলা কৰিছে।পৰিমাণ ভয়ংকৰ হব।' একেদৰে,আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে জাতিৰ কথা চিন্তা কৰি দিল্লীৰ আগত কেবৰ বিৰোধিতা কৰিছে।দিল্লীক বাধ্য কৰাইছে।কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে জাতিক বিশ্বাঘাটকতা কৰি দিল্লীৰ ওচৰত মাতেই নামাতিলে।' কেব বিৰোধিতাৰে ওলাই অহা ছাত্ৰসকলৰ আন্দোলন ৰূদ্ধ কৰিবলৈ শিক্ষা বিভাগে শুকুৰবাৰে জাৰি কৰা নির্দেশনাকো তীক্ষ্ণ সমালোচনা কৰে আছুৱে।আছুৰ নেতৃত্বৰ স্পষ্ট কথা-ফেচিষ্ট আদর্শত শাসন চলাব নাহিব,উফৰাই দিয়া হব।মুখ্যমন্ত্ৰীয়ে নিজে মনত ৰখা ভাল,ছাত্ৰ আন্দোলন কৰিয়েই তেওঁ আজি মুখ্যমন্ত্ৰী হৈছে।

Your Comments