জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দিছপুৰত কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰূপায়ণ কৰে বৃহৎ গণ ধৰ্ণা।প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন জনাই ধৰ্ণাত অংশগ্ৰহণ কৰে টাই আহোম যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি অসমৰ বহুকেইটা জাতীয় সংগঠনে।সকলোইপোনপটীয়া কথা-'কেন্দ্ৰৰ বিৰুদ্ধে ঐক্যবদ্ধ বৃহৎ সংগ্রাহ গঢ়ি তোলাৰ বাদে নিস্তাৰ নাই"। আনহাতে,কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই এটাই বক্তব্য প্ৰকাশ কৰে যে কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।কাৰ্যসূচীৰ নেতৃত্ব দি কৃষক নেতা অখিল গগৈয়ে কয়-'সংসদত কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক উথাপন হব নালাগে।কাৰণ, অসমীয়াই গ্ৰহণ নকৰে।যদি বিজেপি-আৰএছএছে জোৰ কৰি এই বিধেয়ক উথাপন কৰে তেন্তে অসমৰ পৰা সম্পূৰ ৰ্ণৰূপে বিজেপিক উৎখাত কৰা লবাবে ৰাইজ সাজু হৈছে।' 'ভগৱানক পাবলৈ কোনোৱে যেনেকৈ জন্তু বলি দিয়ে,একেদৰে ভোট পাবৰ বাবে বিজেপিয়ে অসমীয়া জাতিক বলি দিবলৈ বিচাৰিছে'-গগৈয়ে কয়। দিল্লীক হুংকাৰ জনাই অখিলে কয়-'অসমৰ দল- সংগঠনৰ প্ৰতিবাদৰ প্ৰতি যদি গুৰুত্ব নিদি বিজেপিয়ে যদি কেব আনে পৰিস্থিতি ভয়ংকৰ হ'ব।'
ইফালে ,কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী।সভাপতি অদীপ কুমাৰ ফুকনে কয়-'অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি।বৃহত্তৰ বাংলা গঠন কৰা বাবে কেব আনিব বিচাৰিছে।বৃহত্তৰ বাংলাৰ সপোন ৰচাসকলে ভাবিছে অসমত বঙালীৰ শাসন চলক।কিন্তু অসমীয়াই এয়া কেতিয়াও হ'বলৈ নিদিয়ে"। একেদৰে,আটছু নেতা মনোজ গগৈয়ে কয়-'ইয়াৰ পিছত যদি কিবা ভয়ংকৰ পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হয়,তাৰ বাবে দিল্লী-দিছপুৰ জগৰীয়া হ'ব।' যিকোনো ধৰণৰ পৰিৱেশ-পৰিস্থিতিৰ মুখামুখী হ'বলৈ সাজু থকা বুলি উল্লেখ কৰি আটাছু নেতাগৰাকীয়ে কয়-'আমি কঁকালত টঙালি বান্ধিছোঁ।হেংদাং,কাঁড় লৈ আমি যুদ্ধলৈ সাজু হৈছোঁ।সন্মুখ-সমৰত এতিয়া যুদ্ধ হ'ব।সাৱধান হওক দিল্লী-দিছপুৰ।' আনহাতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা ৰুবুল দাস, প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে। ইফালে,সংগঠনটোৰ আহ্বানত ওলাই অহা বহু প্ৰতিবাদকাৰীক আধাতে আবদ্ধ কৰি আটক কৰা বুলি কৃষক নেতাগৰাকীয়ে উল্লেখ কৰে।
- Log in to post comments
- 12 views