নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম সাহিত্য সভাৰ সন্দেহজনক স্থিতিক কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে মুকলিলৈ সমালোচনা কৰাৰ পিছত এইবাৰ অসম সাহিত্য সভাৰ সভাপতিক লক্ষ্য কৰি পোষ্টাৰিং কোনো ব্যক্তিৰ।মহানগৰীত সভাপতি ৰাজবংশীৰ ঘৰৰ সন্মুখত লগোৱা পোষ্টাৰত স্পষ্ট ৰূপত লিখা হৈছে-'নমস্কাৰ,মই পৰমানন্দ ৰজবংশী,অসম সাহিত্য সভা।মই মুকলি মনেৰে কেব সমৰ্থন কৰিছোঁ।মোৰ পৰা একো আশা নকৰিব কাৰণ মই বিক্ৰী হ'লো।' ইয়াৰ উপৰিও অসমীয়া ভাষা ব্যৱহাৰ আৰু অসমীয়া ভাষা পঢ়াৰ বাবে বিভিন্ন সময়ত সভাপতিগৰাকীয়ে কৰি অহা মন্তব্যৰ আঁত ধৰি পোষ্টাৰত উল্লেখ কৰিছে-'মই মোৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ।'
উল্লেখ্য যে যোৱা মঙলবাৰে সভাপতিগৰাকীয়ে অসম সাহিত্য সভাৰ ভৱনত বিতৰ্কিত তথা কেব সমৰ্থনকাৰী বাঙালী নেতা সুকুমাৰ বিশ্বাসক লগত লৈ 'কেব' সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছিল।উক্ত সংবাদ মেলত সভাপতিগৰাকীক কেব সমৰ্থন কৰিব নে, বিৰোধিতা কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নত দুমুখীয়া স্থিতি গ্ৰহণ কৰিছিল।তাৰ পিছতে সংবাদ মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছিল সভাপতি ৰাজবংশী।
- Log in to post comments
- 17 views