জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে কটনিয়ানৰ প্ৰতিবাদ অব্যাহত আছে।মঙলবাৰে নিশা ১২.৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বাননন্দ সোণোৱালৰ প্ৰতিমূৰ্তি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত দাহ কৰাৰ পিছত বুধবাৰে পুনৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বিধেয়কৰ বিৰোধিতাৰে ছাত্ৰ-সমাজে ক'লা পতাকা উৰুৱাই।কলা পতাকা উৰুৱাই ছাত্ৰ সকলে স্পষ্ট ৰূপত লিখি দিছে -'কেব বাতিল নকৰিলে অসম পুনৰ ৰাঙলী হ'ব, কেন্দ্ৰীয় কেবিনেটে কেবক অনুমোদন জনাইছে,তাৰ বাবে আজিৰ দিনটো আমাৰ বাবে ক'লা দিন,যেতিয়ালৈকে কেব বাতিল নকৰে আমাৰ সংগ্রাম অব্যাহত থাকিব।'উল্লেখ্য যে কটনৰ উপৰিও সমগ্ৰ ৰাজ্যৰ ছাত্ৰ সমাজ বিধেয়ক বিৰোধিতাৰে পৰীক্ষাৰ মাজতো ৰাজপথলৈ ওলাই আহিছে।
- Log in to post comments
- 26 views