অৱশেষত অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিবলৈ আগবাঢ়িল কেন্দ্ৰৰ বিজেপি চৰকাৰ।মঙলবাৰে অসমৰ দল-সংগঠনেৰে 'কেব'ক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকৰ পিছত বুধবাৰে পুৱাই কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে কেবক।প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেব অনুমোদন হোৱাৰ লগে লগে চূড়ান্ত হ'ল অসমীয়া জাতিৰ স্বাভিমানক ভৰিৰে মোহাৰি ৰাজ্যৰ সোণোৱাল চৰকাৰৰ সমৰ্থনত কেন্দ্ৰৰ বিজেপি চৰকাৰে চলিত সংসদৰ অধিৱেশনতে কেব উত্থাপন কৰি গৃহীত কৰাৰ কথা। উল্লেখ্য যে অহা ৯ ডিচেম্বৰ তাৰিখে লোকসভাত কেব উত্থাপন কৰাৰ পিছত ১০ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে।ইয়াৰ বাবে ৰাজ্যত অধিক আন্দোলনমুখৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাটো স্পষ্ট হৈছে। ইফালে,বিজেপি নেতৃত্বই দলৰ সকলো সাংসদক সংসদত উপস্থিত থকাৰ বাবে ইতিমধ্যে হুইপ জাৰি কৰিছে।
- Log in to post comments
- 8 views