নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এটা বিতৰ্কিত মন্তব্য কৰিছিল।।নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিবলৈ গৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে অসম বিধানসভাৰ চলিত অধিৱেশনত 'জয় বাংলাদেশ' বুলি এটা মন্তব্য প্ৰকাশ কৰিছিল।এইবাৰ সেই মন্তব্যৰ বিৰুদ্ধে আইনৰ কাষ চাপিচে কটনিয়ান।মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত মঙলবাৰে ৰুজু কৰিছে এটা গোচৰ। মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ভাৰতীয় সংবিধানৰ দণ্ডবিধি ১৫৩(ক) ধাৰাত গোচৰ ৰুজু কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰিছে।
আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে মন্ত্ৰীগৰাকীয়ে যিহেতু দিছপুৰৰ অসম বিধানসভাত বিতৰ্কিত মন্তব্যটো কৰিছিল,সেইবাবে পাণবজাৰ আৰক্ষীয়ে কটনৰ ছাত্ৰ সমাজে ৰুজু কৰা গোচৰটো দিছপুৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।
- Log in to post comments
- 23 views