জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে পাঠদান এৰি ৰাজপথত ৰাজ্যৰ ছাত্ৰ সমাজ।কটনৰ পিছত মঙলবাৰে মহানগৰীৰ ৰাজপথত বিধেয়ক বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়াই গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে।প্ৰতিবাদী কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ প্ৰতীকী শৱদেহ লৈ শ্মসান-যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে স্নাতক বিভিন্ন ষাণ্মাসিকৰ বিদ্যাৰ্থীসকলে পৰীক্ষা চলি থকাৰ সময়তে কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি জাতীয় নায়ক মৰিলে,সৰ্বানন্দ সোণোৱাল গ' বেক,বিজেপি হায় হায় শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।মহাবিদ্যালয়ৰ সন্মুখৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী ক্লাবলৈকে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ছাত্ৰ-ছাত্ৰীসকলে বিজেপিক হুংকাৰ জনাই কয় যে যদি চৰকাৰে কেব বাতিল নকৰে পৰিৱেশ অধিক ভয়ংকৰ হ'ব। ইফালে প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মহাবিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যায়।
- Log in to post comments
- 3 views