এইবাৰ চাইবাৰ হেকাৰৰ লক্ষ্য হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট।বিশ্ববিদ্যালয়ৰখনৰ ৱেবচাইট www.gauhati.ac.in ক্লিক কৰাৰ পিছত খোল খালে 'জাপান পৰ্ণ' নামেৰে এটা ৱেবছাইট।ছাইটটো খোল খোৱাৰ লগে লগে দেখিবলৈ পোৱা গ'ল বিভিন্ন অশ্লীল ভিডিঅ'। ইফালে,এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ অৱগত হোৱাৰ পিছতে বিশ্ববিদ্যালয়ৰ ৱেবছাইটটো ব্লক কৰি দিয়া হয়।চাইবাৰ হেকাৰে এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটোক লক্ষ্য কৰি লোৱাত এতিয়া চিন্তিত হৈছে সচেতন মহল।এই অসৎ কাৰ্যত জড়িতজনক অতি সোনকালে চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সচেতন মহলে।
- Log in to post comments
- 13 views