ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নতুন ৰাজ্যিক সমন্বয়কক নিযুক্তি দিয়া হৈছে।এচিএছ বাবুলাল শৰ্মাক ৰাজ্যিক সমন্বয়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।উল্লেখ্য যে বৰ্তমান অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব হিচাপে দায়িত্ব পালন কৰি আছে শৰ্মাই। ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰাৰ পিছত ৰাজ্য চৰকাৰে উক্ত পদত নিযুক্তি প্ৰদান কৰিছিল হিতেশ দেৱ শৰ্মাক।কিন্তু ৰহস্যজনকভাৱে শৰ্মাই যোগদান কৰা নাছিল সমন্বয়ক হিচাপে।তাৰ পৰিৱৰ্তে ছুটীত আছিল সমন্বয়কগৰাকী।ছুটীৰ অন্তত হিতেশ দেৱ শৰ্মাই যোগদান কৰাৰ কথা আছিল যদিও তাৰ পূৰ্বে ৰাজ্য চৰকাৰে সমন্বয়ক হিচাপে নিযুক্তি দিছে বাবুলাল শৰ্মাক। আনহাতে,প্ৰতীক হাজেলাৰ উত্তৰসূৰী হিচাপে হিতেশ দেৱ শৰ্মাক ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ পিছতে বহুতে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিভিন্ন অভিযোগ।
- Log in to post comments
- 10 views