
বহুকেইটা দাবীৰে শুকুুুৰবাৰে প্ৰতিবাদী ধৰ্ণাত বহিল গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ।মহানগৰীৰ গুৱাহাটী ক্লাবৰ গোল চ'কত মহানগৰবাসীৰ বিভিন্ন সমস্যা,যেনে প্ৰস্তাৱিত স্মাৰ্ট চিটি ৰূপায়ণত ব্যৰ্থতা,গুৱাহাটীৰ জাবৰ- জোথৰ নিষ্কাষণত ব্যৰ্থতাৰ প্ৰতিবাদ জনাই কংগ্ৰেছে।গুৱাহাটীৰ খোৱাপানী সমস্যা সমাধানৰ দাবী জনাই তেওঁলোকে।বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক মন্দাৱস্থা আদি বিষয়টো প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সমগ্ৰ প্ৰতিবাদস্থলী।
প্ৰতিবাদস্থলীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ ববিতা শৰ্মা, জুৰি শৰ্মা বৰদলৈ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা।
- Log in to post comments
- 15 views