অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধানক নিযুক্তি দিয়া হৈছে।কুলধৰ শইকীয়াৰ স্থানত অসম চৰকাৰৰ গৃহ বিভাগে নিযুক্তি দিছে ভাস্কৰজ্যোতি মহন্তক।মহন্তক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে। উল্লেখ্য যে বৰ্তমানৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ তিনিমহীয়া বৰ্ধিত কাৰ্যকালৰ শনিবাৰে অন্ত পৰিব।কিন্ত ইউপিএছচিয়ে পৰৱৰ্তী সঞ্চালক নিযুক্তি নিদিয়াত ভাৰপ্ৰাপ্ত হিচাপে দায়িত্ব দিয়া হৈছে ভাস্কৰ জ্যোতি মহন্তক। বৰ্তমান মহন্তই অগ্নি আৰু আপাদকালীন বিভাগত দায়িত্ব পালন কৰি আছে।
- Log in to post comments
- 13 views