ভাৰতত বিজ্ঞান জনপ্ৰিয়কৰণৰ আন্দোলনৰ এগৰাকী আগশাৰীৰ সৈনিক অধ্যাপক যশপালৰ আজি জন্মদিন।দেশৰ এই প্ৰসিদ্ধ বিজ্ঞানীজনে বিজ্ঞান আৰু গণিত বিষয়কেইটাক সাধাৰণ নাগৰিকৰ মাজত জনপ্ৰিয় কৰিবলৈ নিজৰ সমগ্র জীৱন উৎসৰ্গা কৰিছিল।অধ্যাপক যশপালৰ জন্ম ১৯২৬ চনৰ ২৬ নৱেম্বৰত আজিৰ পাকিস্তানত হৈছিল।দূৰদৰ্শন যোগে প্ৰচাৰিত বিজ্ঞান জনপ্ৰিয়কৰণৰ অনুষ্ঠান 'টাৰ্ণিং পইণ্ট'ৰ সূত্ৰধাৰ হিচাপে অধ্যাপক যশপাল দেশৰ সচেতন জনতাৰ অতিকৈ পৰিচিত হৈ পৰিছিল।এই অনুষ্ঠানটোত তেওঁ বিজ্ঞান আৰু গণিতৰ বিভিন্ন জটিল প্ৰসংগ অতি সহজভাৱে জনতাক বুজাই দিছিল।বিজ্ঞানীগৰাকীৰ বিজ্ঞান ব্যাখ্যাই দেশৰ যথেষ্টসংখ্যক লোকৰ মাজত বিজ্ঞানমনস্কতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।২০১৭ চনৰ ২৪ জুলাইত উত্তৰ প্ৰদেশৰ নইডাত বিজ্ঞানীগৰাকীৰ বিয়োগ ঘটিছিল।আজি অধ্যাপক যশপালৰ জন্মদিনত দেশৰ সচেতন জনতাই শ্ৰদ্ধাৰে সুৱঁৰিছে খ্যাতানামা বিজ্ঞানীগৰাকীক।
- Log in to post comments
- 29 views