অলপতে ৰাজস্থানত অনুষ্ঠিত হোৱা 'দ্বাজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৯-২০'ত অসম জীয়াৰী মৰমী মাইবংছাই সফলতা অৰ্জন কৰিছে।দিল্লী, মুম্বাই, হাৰিয়ানাৰ প্ৰতিযোগীক পিছ পেলাই মৰমীয়ে লাভ কৰে 'দ্বাজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড'ৰ খিতাপ।উত্তৰ-পূবৰ প্ৰথম গৰাকী হিচাপে এই সন্মান লাভ কৰা মৰমী মাইবং কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা।
উল্লেখ্য যে মৰমী মাইবংছাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই খিতাপ লাভ কৰাৰ পিছত অহা ডিচেম্বৰত চীনত অনুষ্ঠিত হ'ব লগীয়া মিছ ইউনিভাৰ্চত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।
- Log in to post comments
- 43 views