অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই বিগত বর্ষসমূহৰ দৰে এইবাৰো প্ৰদান কৰিব 'ড:বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ সোঁৱৰণী বঁটা'।২০১৯ বর্ষৰ এই বঁটাৰ বাবে সন্থাই নিৰ্বাচন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ডম্বৰুধৰ নাথক।
অহা ৬ ডিচেম্বৰত ড:আম্বেদকাৰৰ মৃত্যুৰ দিনটোতে ড:নাথক গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত এটা অনুষ্ঠানত সন্থাই প্ৰদান কৰিব এই বঁটা।বঁটাত আছে নগদ ১০ হাজাৰ টকা,শৰাই,মানপত্ৰ,গামোচা।এই কথা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে অসম অনুসূচিত জাতি যুৱ ছাত্ৰ-সন্থাৰ সভাপতি নৃপেন দাসে।উল্লেখ যে নাথে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্ণেলত অসমৰ কৈৱৰ্তসকলৰ জনজীৱন,ইতিহাস বিস্তৃত ৰূপত উপস্থাপন কৰিছে।যাৰ বাবে এই বঁটাৰ বাবে নাথক নিৰ্বাচন কৰা বুলি জানিবলৈদিয়ে সন্থাৰ সভাপতিগৰাকীয়ে।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি উক্ত দিনাই সন্থাই ২০১৯বর্ষৰ 'কৃতী শিক্ষক বঁটা' নগাঁৱৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ তৰুণ দাসক প্ৰদান কৰিব।ইয়াৰ উপৰিও আম্বেদকাৰ মহাপ্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি পঞ্চানগৰাকী সমাজসেৱকক সম্বৰ্ধনা জনাব।
উল্লেখ্য যে সন্থাই ইয়াৰ পূৰ্বে আম্বেদকাৰ বঁটা প্ৰদান কৰিছিল জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনক।শনিবাৰৰ সংবাদ মেলখনত উপস্থিত থাকে সন্থাৰ সম্পাদক নিত্যানন্দ দাস প্ৰমুখ্যে বহুকেইজন সদস্য।
- Log in to post comments
- 22 views