পশু অধিকাৰ ৰক্ষাৰ বাবে সক্ৰিয় অধিনায়ক বিৰাট কোহলি:'পেটা'ই সন্মান প্ৰদান কৰিলে '২০১৯ বৰ্ষৰ ব্যক্তি' হিচাপে

Pic

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিক পশু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰা আন্ত:ৰাষ্ট্ৰীয় সংস্থা পিপুল ফ'ৰ দ্য এথিকেল ট্ৰিটমেণ্ট(পেটা)ই ২০১৯ বৰ্ষৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে।বিৰাট কোহলিয়ে পশু সুৰক্ষা তথা পশু অধিকাৰ ৰক্ষাৰ বাবে কৰি অহা কামৰ স্বীকৃতি হিচাপে কোহলিক এই সন্মান প্ৰদান কৰিছে 'পেটা'ই।উল্লেখযোগ্য যে শেহতীয়াকৈ কোহলিয়ে আমেৰ কিল্লাত বন্দী হৈ থকা এটা হাতীক মুক্ত কৰি দিবলৈ 'পেটা ইণ্ডিয়া'ৰ হৈ প্ৰশাসনলৈ পত্ৰ লিখিছিল।আনহাতে,ক্ৰিকেট অধিনায়কজনে তেওঁৰ অনুৰাগীসকলক পশু ক্ৰয় কৰাৰ পৰিৱৰ্তে পশুক তোলনীয়া হিচাপে ল'বলৈ আহ্বান জনাই আহিছে।

Your Comments