'নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে 'আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ'ই।বুধবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবত শতাধিক সদস্যই ৰূপায়ণ কৰা কাৰ্যসূচীত উপস্থিত থাকে লাচিত বৰদলৈ,অধিবক্তা অৰূপ বৰবৰা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অধিবক্তা নেকিবুৰ জামানৰ দৰে বিশিষ্ট ব্যক্তিসকল। কাৰ্যসূচীত অংশগ্ৰহণ কৰি লাচিত বৰদলৈয়ে কয়-"পূৰ্বতেও চৰকাৰৰ সিদ্ধান্তৰ বিৰূদ্ধে সকলো জাতি- জনগোষ্ঠীয়ে বিধেয়ক বিৰোধিতাৰে জনমত গঠন কৰি সমগ্ৰ অসম কপাইছিল।সেই কথা চৰকাৰকখনে জনাৰ পিছতো পুনৰবাৰ বিধেয়কখন গৃহীত কৰিবলৈ বিচাৰি প্ৰমাণ কৰিছে যে কেইটামান নিৰ্দিষ্ট ভোটৰ আশাত তেওঁলোকে অসমক বিশ্বাসঘাটকতা কৰিছে,অসমক ধ্বংস কৰি ভাষিক-সাংস্কৃতিক দিশটোত অসমক নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে।পূৰ্বতে কংগ্ৰেছ চৰকাৰে এটা নিৰ্দিষ্ট জাতিক তোষনৰ ৰাজনীতি কৰি আজিৰ ধ্বংস দিশলৈ গতি কৰিলে।বিজেপিয়েও যদি এটা নিৰ্দিষ্ট সম্প্ৰদায়কেন্দ্ৰিক তোষণৰ ৰাজনীতি কৰিবলৈ 'কেব' আনে,তেন্তে কংগ্ৰেছৰ দৰে একে দশা হ'ব বিজেপিৰ।"লগতে জাতীয় নায়কৰ চৰকাৰকখনৰ পৰা অসমৰ জনসাধাৰণে এনেকুৱা আশা কৰা নাছিল বুলি উল্লেখ কৰি বৰদলৈয়ে কয়-'নীতিগতভাৱে তেওঁলোকৰ হাতত এতিয়া সংখ্যা আছে।তাৰ মানে তেওঁলোকে যদি জোৰ কৰি এই বিধেয়কখন গৃহীত কৰাম বুলি ভাবিছে তেন্তে পাৰিব।কিন্তু এটা কথা তেওঁলোকে মনত ৰখা ভাল সমগ্ৰ অসমত তেওঁলোকৰ ভৰিৰ তলৰ মাটিও কিন্তু হেৰুৱাৰ উপক্ৰম ঘটিব।' ইফালে কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়-"২০১৮ চনতো বিধেয়কখনৰ বিৰুদ্ধে অসম অগ্নিগৰ্ভা হৈছিল।শেষ মুহূৰ্তত ৰাজ্যসভাত গৃহীত নহ'ল বাবে অসমে কেইটামান দিন শান্তিৰ মুখ দেখিছিল।কিন্তু সেই শান্তিৰ অসম পুনৰ অগ্নিগৰ্ভা হ'বলৈ ওলাইছে।কাৰণ সংখ্যাত মত্ত হৈ বিজেপিয়ে ঘোষণা কৰিছে কেব গৃহীত কৰিব।এটা কথা ঠিক,যদি লোকসভাত কেব বিজেপিয়ে গৃহীত কৰে, অসমৰ খিলঞ্জীয়া জনসাধাৰণ, ন-অসমীয়া জনসাধাৰণে ইমান দিনে বিভিন্ন ধৰ্ম-ভাষা একত্ৰিত হৈ গঢ়া শান্তিৰ অসমত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ'ব।কাৰণ বিধেয়কখনে অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভাবুকি আনিব,যি ভাবুকি অসমৰ জনসাধাৰণে কেতিয়াও সহ্য কৰিব নোৱাৰে।" কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে অসমবাসীক সজাগ হোৱাৰ আহ্বান জনায় কয়-'অহা সপ্তাহত শাসকীয় দলৰ প্ৰতিগৰাকী সাংসদ সংসদত উপস্থিত থাকিব লাগিব বুলি ইতিমধ্যে নেতৃত্বই ঘোষণা কৰিছে।তাৰ অৰ্থ হ'ব পাৰে অহা সপ্তাহত কেব কেন্দ্ৰ চৰকাৰে লোকসভাত উত্থাপন কৰিব"। ইফালে চৰকাৰে কেব লোকসভাত গৃহীত হ'ব বুলি ঘোষণা কৰাৰ পিছতো ৰাইজ যিদৰে ৰাজপথলৈ ওলাই আহি বিধেয়কৰ বিৰোধিতা কৰিবলৈ লাগিছিল, তেনে পৰিৱেশ দেখা নোপোৱাটো অসমৰ বাবে বেছি দুৰ্ভাগ্যজনক আখ্যা দিয়ে হুছেইনে। লগতে কয় যে যদি কেবক কেন্দ্ৰ কৰি অসমীয়া সমাজ ৰাজপথলৈ একত্ৰিত হৈ ওলাই নাহে, তেন্তে জাতিৰ বাবে তাতকৈ দুৰ্ভাগ্যজনক কথা একো নহ'ব।সেইবাবে যিসকলে অসমক ভাল পায়,যি নিজক অসমীয়া বুলি কৈ আজি গৌৰৱ কৰে,তেনে প্ৰতিজন অসমীয়া ৰাজপথলৈ ওলাই আহি কেব বিৰোধিতা কৰাৰ বাবে আহ্বান জনায় হুছেইনে। আনহাতে,ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে কেবৰ উপৰিও নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ কৰিব বিচৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে।
- Log in to post comments
- 71 views