নিযুক্তি তালিকা প্ৰকাশৰ পিছতো প্ৰাদেশীকিকৰণ নহ'ল ৰাজ্যৰ ৩৭৬ গৰাকী সংগীত শিক্ষকৰ:বিগত ছয় বছৰে বিনা বেতনে প্ৰদান কৰিছে সংগীত শিক্ষা

Pic

'২০১১চনৰ শিক্ষা আইনৰ অধীনত ২০১৩ বর্ষৰ পহিলা জানুৱাৰীত প্ৰাদেশীকিকৰণ কৰা হ'ল ৰাজ্যৰ বহুসংখ্যক হাইস্কুলৰ।সেই অনুসৰি প্ৰাদেশীকৰণ কৰা হাইস্কুলসমূহত দীৰ্ঘদিনৰ পৰা কৰ্মৰত অপ্ৰাদেশীকিকৃত শিক্ষকসকলৰো চাকৰি প্ৰাদেশীকৰণ কৰে শিক্ষা বিভাগে।কেৱল যে বাধ্যতামূলক বিষয় শিক্ষকসকলৰে যে চাকৰি প্ৰাদেশীকিকৰণ কৰা হ'ল তেনে নহয়;ঐচ্ছিক বিষয় হিন্দী, আৰৱী, সংস্কৃত, ভূগোল বিষয়ক শিক্ষকসকলৰো চাকৰি প্ৰাদেশীকিকৰণ হ'ল।কিন্তু ৰহস্যজনকভাৱে প্ৰাদেশীকিকৰণ তালিকা প্ৰকাশ পোৱাৰ পিছতো বিগত ছয় বছৰে প্ৰাদেশিকৰণ নহ'ল ঐচ্ছিক বিষয়ক ৩৭৬ গৰাকী সংগীত শিক্ষকৰ চাকৰিৰ'- এই কথা মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ সম্পাদক তৰুণ শইকীয়াই।গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলখনত শইকীয়াই উল্লেখ কৰা অনুসৰি সংগীত শিক্ষকসকলৰ প্ৰাদেশীকৰণ কৰাৰ বাবে জিলা নিৰীক্ষণ সমিতিৰ অনুমোদন অনুসৰি অসম মাধ্যমিক শিক্ষা সঞ্চালকক সংগীত শিক্ষকসকলৰ প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰিছিল।কিন্তু সেই সময়ত প্ৰয়োজনীয় অৰ্হতা কিছু পৰীক্ষা কৰিব লগা আছে বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগীত শিক্ষকসকলক দুটা মাহৰ পাছত প্ৰাদেশীকৰণ হ'ব বুলি ঘোষণা কৰিলে।তাৰ পাছত বছৰ পাৰ হ'ল কিন্তু সমস্যা সমাধান নহল শিক্ষকসকলৰ। 'আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে শিক্ষকসকলক নিযুক্তি দিয়াৰ বাবে ২০১৪ চনৰ জুলাই মাহত মাধ্যমিক শিক্ষা সংসদৰ অতিৰিক্ত মুখ্য সচিবে আৰু ২০১৬ চনত মাধ্যমিক শিক্ষা সচিবে ৰাজ্যৰ শিক্ষা বিভাগক নির্দেশ দিছিল, কিন্তু সেই নির্দেশো গুৰুত্বহীন কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে।ফলত বিগত ছয় বছৰে বিনা বেতনে আজিও সংগীত শিক্ষা প্ৰদান কৰি আছে শিক্ষকসকলে'-এইদৰে কয় সম্পাদক শইকীয়াই। ইফালে সমগ্ৰ বিষয়টো বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষকসকলে অৱগত কৰিছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে শিক্ষামন্ত্ৰীগৰাকীয়ে সেই সময়ৰ শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ নির্দেশ দিয়ে।লগতে কয় অন্যথা তেওঁলোকৰ যদি নিযুক্তি হ'ব লাগে তেন্তে নতুন শিক্ষা আইন ২০১৭ৰ অধীনত হ'ব। ইফালে,শিক্ষামন্ত্ৰীগৰাকীৰ এই কথাত শিক্ষকসকলৰ স্পষ্ট কথা ২০১১চনৰ আইন অনুসৰিয়ে হ'ব লাগিব তেওঁলোকৰ নিযুক্তি।অন্যথা ভৱিষ্যতৰ দিনত তেওঁলোক দ্বাৰস্থ হ'ব পাৰে ন্যায়ালয়ৰ।

Your Comments