
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰৰ দিনটোত দেওবাৰে তিৰুপতি তিৰুমালা দেৱালয়ত ভগৱান ভেংকটেশ্বৰক দৰ্শন কৰে ৰঞ্জন গগৈয়ে।গগৈৰ সৈতে মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে আছিল তেওঁৰ সহধৰ্মিণীও।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক তিৰুপতি তিৰুমালাত দেৱালয় কৰ্তৃপক্ষই ভব্য স্বাগতম জনাই।দেৱালয়ৰ মুখ্য দ্বাৰত তেওঁলোকক বৈদিক পণ্ডিতসকলে বৈদিক ভজন গাই আদৰণি জনাই।দেৱালয়ৰ গৰ্ভ গৃহত পুৰোহিতসকলে তেওঁলোকৰ সন্মুখত ভগৱান ভেংকটেশ্বৰৰ মাহাত্ম্যৰ বিষয়ে ব্যাখ্যা আগবঢ়াই।
- Log in to post comments
- 6 views