গোৱালপাৰাৰ 'লাডেন'ৰ 'ওৰাং'ত 'কৃষ্ণ' হৈ মৃত্যু

Pic

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত যোৱা ১১ নৱেম্বৰত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বন্দী কৰা 'লাডেন' নামৰ হাতীটোৰ মৃত্যু হৈছে।ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় গোৱালপাৰা জিলাত প্ৰায় অৰ্ধশতাধিক ব্যক্তিৰ প্ৰাণ লোৱা হাতীটোৰ।উল্লেখ্য যে বনৰীয়া হাতীটোক অধিক মাত্ৰাত ট্ৰেংকুলাইজ কৰাৰ বাবে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা এই যে গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা হাতীটোক বন বিভাগে আবদ্ধ কৰিব নোৱাৰাৰ বাবে বিধায়ক পদ্ম হাজৰিকক হাতীটোক ধৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰিছিল।তাৰ পিছতে পদ্ম হাজৰিকাৰ বিশ্বাসী 'ৰামু'সহ পাঁচটা হাতীৰ সহায়ত আবদ্ধ কৰিছিল লাডেনক।হাতীটো আবদ্ধ কৰিয়েই বিধায়ক হাজৰিকাই তাৰ নাম ৰাখিছিল 'কৃষ্ণ'। উল্লেখ্য যে কৃষ্ণক চিকিৎসাৰ বাবে ৰখা হৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।তাৰ পিছতে কৃষ্ণক প্ৰশিক্ষণ দিবৰ বাবে কাজিৰঙালৈ নিয়াৰ কথা আছিল।সেই অনুসৰি হাতীটোক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা আছিল ডিম্বেশ্বৰ নামৰ এজন ফান্দিয়ে।কিন্তু চিকিৎসা চলি থকা অৱস্থাতে দেওবাৰে পুৱা মৃত্যু হয় কৃষ্ণৰ।

Your Comments