গুৱাহাটীত 'ইন্টাৰনেশ্যনেল হিউমেন ৰাইটচ কাউঞ্চিল'ৰ আলোচনাচক্ৰ সম্পন্ন

Pic

বিশেষ প্রতিবেদক:

'ইন্টাৰনেশ্যনেল হিউমেন ৰাইটচ কাউঞ্চিল'ৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ 'হোটেল ৰিতুৰাজ'ত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিভিন্ন জিলাৰ সাংগঠনিক দায়িত্বত থকা বিষয়ববীয়াসকলে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে।আলোচনাচক্ৰখনত কাউঞ্চিলৰ বিষয়ববীয়াসকলে সংগঠনৰ কাৰ্যপন্থা তথা লক্ষ্য-উদ্দেশ্য সম্পৰ্কে বহলকৈ বাখ্যা কৰে। সংগঠনটোৰ ৰাষ্ট্ৰীয় সম্পাদক কমলৰাজ ছেত্ৰী,ৰাজ্যিক সম্পাদক কমল গুপ্তা,গুৱাহাটী শাখাৰ সম্পাদক সঞ্জয় সুৰেখা আদি বিষয়ববীয়াসকল উপস্থিত থকাৰ উপৰি অনুষ্ঠানটোত দেশৰ বিভিন্ন ৰাজ্যৰ দায়িত্বত থকা সংগঠনটোৰ সভাপতি-সম্পাদকসকলেও অংশগ্ৰহণ কৰে ৷

Your Comments