প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত:আলোচনালৈ নিমন্ত্ৰণ জনালে শিক্ষামন্ত্ৰীয়ে

Pic

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে 'বিনা চৰ্তে চাকৰি নিয়মীয়াকৰণ'ৰ দাবীত অহা ১৯ নৱেম্বৰত গ্ৰহণ কৰিব লগা ৰাজ্যৰ প্ৰতিখন জিলা মিছন সঞ্চালকালয়ৰ 'তলা বন্ধ' কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰিছে।শনিবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে।বিজ্ঞপ্তিখনত ৰছিদে প্ৰকাশ কৰা অনুসৰি অহা ২০ নৱেম্বৰত শিক্ষামন্ত্ৰীয়ে ৪১ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক সমাজৰ নেতৃত্বৰে দিছপুৰ জনতা ভৱনত এক বৈঠকত মিলিত হোৱাৰ বাবে আহ্বান জনাইছে।তাৰ প্ৰতি সঁহাৰি জনায়েই টেট শিক্ষক সমাজে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰা বুলি উল্লেখ কৰিছে।

Your Comments