অসমবাসীৰ বাবে এটা গৌৰৱৰ বিষয়।অসম সন্তান পংকজ কুমাৰ গোস্বামী নিৰ্বাচিত হৈছে অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী সঞ্চালক(অপাৰেচন) হিচাপে।শুকুৰবাৰে পাব্লিক এন্টাৰপ্ৰাইজেছ চিলেকচন ব'র্ডে চমুকৈ 'পিএছইবি'য়ে অসম সন্তান গোস্বামীৰ নাম আঠজনৰ মাজৰ পৰা নিৰ্বাচন কৰে।বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰকল্প সঞ্চালক হিচাপে গোস্বামীয়ে দায়িত্ব পালন কৰি আছে। উল্লেখ্য যে সেই পদত কাৰ্যনিৰ্বাহ কৰি থকা প্ৰমোদ কুমাৰ শৰ্মাৰ অহা ৩১মে'ত কাৰ্যকালৰ সামৰণি পৰিব আৰু তাৰ পিছতে গোস্বামী সেই পদত অধিষ্ঠিত হব।
- Log in to post comments
- 21 views