গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মুক্ত আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰতীকস্বৰূপে আজি ১৬ নৱেম্বৰত দেশজুৰি সাংবাদিকসকলে পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই দেশৰ সংবাদ মাধ্যমৰ কৰ্ম প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰা দায়িত্বশীল সংস্থা হিচাপে কৰ্ম সম্পাদন কৰিবলৈ আৰম্ভণি কৰাৰ প্ৰতীকস্বৰূপেও আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে।ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুক্ত সংবাদ মাধ্যমক শক্তিশালী গণতন্ত্ৰৰ আধাৰশিলা বুলি বুলি উল্লেখ কৰে।সংবাদ মাধ্যমৰ স্বাধীনতা অটুট ৰখাৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
- Log in to post comments
- 20 views