হাতৰবড়ীৰ ৰাস মহোৎসৱত কি এই 'চক্ৰবেহু'?

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰাৰ ২৬ সংখ্যক হাতৰবড়ীত ৰাস মহোৎসৱ উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দতৰা শাখাই প্ৰদৰ্শনীৰ কাৰনে প্ৰস্তুত কৰা চক্ৰবেহু ভেদ পৰিভ্ৰমন কৰাৰ বাবে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।ৰাইজৰ বাবে পোনপ্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা এই চক্ৰবেহু ৰাসৰ বিশেষ আকৰ্ষণ হিচাপে চিহ্নিত হৈছে। উক্ত অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ  সভাপতি  বনদ্বীপ ডেকাকে ধৰি বিভিন্নজনে চক্ৰবেহুত সোমাই ভেদ কৰে।উল্লেখযোগ্য যে ২৬ সংখ্যক বৰ্ষৰ বাবে আয়োজিত উক্ত ৰাস মহোৎসৱ যোৱা ১২ নৱেম্বৰত অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতাই উদ্বোধন কৰিছিল৷

Your Comments