গুৱাহাটী পৌৰ নিগম ইউনিয়নৰ যৌথ মঞ্চৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

Pic

তিনিদফীয়া দাবী লৈ গুৱাহাটী পৌৰ নিগম ইউনিয়নৰ যৌথ মঞ্চই শুকুৰবাৰে মহানগৰীৰ পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।গুৱাহাটী পৌৰ নিগমৰ চাৰিটাকৈ ইউনিয়ন ক্ৰমে গুৱাহাটী মিউনিচিপাল কর্মী সংঘ,কাৰিকৰী বিষয়া সন্থা,হৰিজন মজদুৰ উইনিয়ন আৰু পানী যোগান কর্মী সংঘই নিগমৰ ২০১৪ চনৰ পাৰিষদৰ সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে ৯৩৯ জন অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা,অৱসৰপ্ৰাপ্ত তথা মৃত শ্ৰমিকৰ পেঞ্চনৰ পাব লগা সমুদায় ধন আদায় দিয়া,ষ্টাফিং পেটাৰ্ণৰ আসোঁৱাহসমূহ দূৰ কৰি জ্যেষ্ঠতা আৰু অৰ্হতাৰ ভিত্তিত নিগমৰ খালি পদসমূহ পূৰণ কৰা-এই তিনিটা দাবী লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে পৌৰ নিগমৰ চাৰিওটা ইউনিয়নৰ প্ৰায় দুই শতাধিক কৰ্মচাৰীয়ে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ইফালে শনিবাৰেও কৰ্মচাৰীসকলে দিনৰ ১.৩০ বজাৰ পৰা নিগমৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী।এই কথা প্ৰকাশ কৰিছে পৌৰ নিগম ইউনিয়নৰ যৌথ মঞ্চৰ আহ্বায়ক চন্দন শৰ্মাই।

Your Comments