শুকুৰবাৰে ডিফু মেডিকেল কলেজৰ নাৰ্ছ, টেকনিকেল ষ্টাফৰ নিযুক্তি-পত্ৰ বিতৰণ কৰি মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।সংসদৰ শীতকালীন অধিৱেশনত 'কেব' অহাটো প্ৰায় নিশ্চিত বুলি ইংগিত প্ৰকাশ কৰি তেওঁ কয়- 'কেবখন সংসদৰ বিষয়।কি স্বৰূপত আহিব আমি কোনেও দেখা নাই।কেব আহিব বুলি আমিও জানো অমিত শ্বাহে ঘোষণা কৰি গৈছে।কেবৰ নতুন খচৰাক লৈ তেওঁ ইতিমধ্যে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন দল-সংগঠনৰ লগত কথা পাতিছে।গতিকে কি স্বৰূপত কেব আহে, সেই সন্দৰ্ভত পিছতহে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিম।' লগতে কয় যে যি কেবক বিৰোধিতা কৰে, তেওঁ এতিয়াও কৰিব আৰু যি সমৰ্থন কৰে,তেওঁ সমৰ্থন কৰিব।কেব দেখাৰ পিছতহে বৌদ্ধিক তথা ৰাজনৈতিক মতামত দিব পাৰিম।কিন্তু এইটো নিশ্চিত যে পূৰ্বৰ খচৰাৰে কেব নাহে।এতিয়া নতুন খচৰাৰে আহিব কেব।সেই খচৰা প্ৰস্তুতিৰ বাবে ইতিমধ্যে আলাপ-আলোচনা চলি আছে।
- Log in to post comments
- 16 views