হৰিণৰ মাংস ভক্ষণ আৰু বিক্ৰীৰ অপৰাধ:জামুগুৰিহাটৰ এজন চিকিৎসকসহ যুৱকক জেললৈ প্ৰেৰণ

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:

অবৈধ মাৰণাস্ত্ৰ লগত ৰাখি উক্ত মাৰণাস্ত্ৰৰে হৰিণ চিকাৰ কৰি হৰিণৰ মাংস ভক্ষণ কৰাৰ লগতে মাংস গোপনে বিক্ৰী কৰাৰ অপৰাধত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এজন চিকিৎসকসহ এজন যুৱকক জেললৈ প্ৰেৰণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা গহপুৰৰ মাজিকুছিৰ ধন্দি গাওঁৰ ডা° ৰূপম হাজৰিকা আৰু ধলাইবিল চামধৰা নিবাসী নিতুমণি বৰাক ২৮৩/১৯ আৰু ২৮৪/১৯ নং গোচৰ পঞ্জীয়ন কৰি বৃহস্পতিবাৰে জামুগুৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ৷ মঙলবাৰে নিশা চিকিৎসক ডা° ৰূপম হাজৰিকা আৰু নিতুমণি বৰাই জামুগুৰিহাটৰ মৰণাকুৰি গাঁঁৱত নিশা ব্লেংক ফায়াৰ কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে কেইবাজনো লোকক ভয়-ভাবুকিও প্ৰদান কৰিছিল ৷

Pic

ইতিমধ্যে জামুগুৰি আৰক্ষীয়ে চিকিৎসক ডা° ৰূপম হাজৰিকা আৰু নিতুমণি বৰাৰ জিন্মাৰ পৰা অবৈধভাৱে ৰখা দুটা SBVL বন্দুক আৰু এটা এয়াৰ গান জব্দ কৰে ৷ চিকিৎসক ডা° ৰূপম হাজৰিকাই নিতুমণি বৰাৰে লগহৈ মৰণাকুৰি চাপৰিত প্ৰায়ে পহু চিকাৰ কৰি মাংস ভক্ষণ কৰাৰ লগতে উক্ত মাংস গোপনে বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰিছিল জামুগুৰি আৰক্ষীয়ে ৷ ইফালে অভিযুক্তদ্বয়ৰ হাতৰ পৰা উদ্ধাৰ হোৱা এয়াৰগানটো চামধৰাৰ কৃষ্ণ বৰুৱাৰ হেৰুৱা বন্দুক আছিল বুলি জানিব পৰা গৈছে ৷

Your Comments