ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ব্যাপক অভিযান

Pic

গোলাঘাটৰ প্ৰতিবেদক: আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াক নগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ।কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজেশ কুমাৰ যাদৱক গ্ৰেপ্তাৰ।ডিমাপুৰ পুলিচ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ মাফিয়াটোক।গোলাঘাট জিলাৰ লগতে উজনি অসমৰ বিভিন্ন জিলালৈ বিভিন্ন ড্ৰাগছ আৰু ব্ৰাউন চুগাৰ যোগান ধৰি আহিছিল ৰাজেশ যাদৱে।দুদিন পূৰ্বে গোলাঘাটৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুটা ড্ৰাগছ পেডলাৰৰ তথ্যৰ ভিত্তিত ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া ৰাজেশক।ৰাজেশ আৰু তেওঁৰ বাহিনীয়ে সমগ্ৰ উজনি অসমত বিভিন্ন ড্ৰাগছ আৰু ব্ৰাউন চুগাৰ যোগান ধৰি যুৱ সমাজক ধ্বংসৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ আছে।গোলাঘাটৰ উপ- আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া আৰু গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ডিমাপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই ড্ৰাগছ মাফিয়াটোক।

Your Comments